লক ডাউনৰ মাজতো বোকাখাতত একাধিক পথ দূৰ্ঘটনা : এজন নিহত আৰু তিনিজন আহত :

লক ডাউনৰ মাজতো বোকাখাতত একাধিক পথ দূৰ্ঘটনা : এজন নিহত আৰু তিনিজন আহত :
Photo : Uttam Saikia
লক ডাউনৰ মাজতো বোকাখাতত একাধিক পথ দূৰ্ঘটনা : এজন নিহত আৰু তিনিজন আহত :

লক ডাউনৰ মাজতো বোকাখাতত একাধিক পথ দূৰ্ঘটনা : এজন নিহত আৰু তিনিজন আহত :


AIIDESH NEWS : 28 April :


লক ডাউনৰ মাজতো আজি দিনটোত বোকাখাতত সংঘৰ্টিত দুটা পৃথক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে তিনিজন যুৱক গুৰুত্বৰ ভাৱে আহত হয় ৷ প্ৰথমতো ঘটনা সংঘৰ্টিত হয় বোকাখাতৰ চাপৰি গাওঁত ৷আজি বিয়লি সংঘৰ্টিত হোৱা এই পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহীৰ মৃত্যু হয় ৷ অপুৰ্ব বৰা ওৰফে বুবু নামৰ ব্যক্তিজনে এ এছ ০৫ এম ২৫৩৫ নম্বৰৰ স্কুটি খনে গৈ থাকোঁতে চাপৰি গাঁওৰ সমীপত পথৰ এটা কেকুৰিত দুৰ্ঘটনাত পতিত হয় ৷ আহত অপুৰ্ব বৰাক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰৰণ কৰা হয় ৷ যোৰহাটলৈ নিয়াৰ পথতে অপূৰ্ব বৰাই শেষ নিঃশ্বাস ত্যাগ কৰে ৷ মৃত অপূৰ্ব বৰাৰ ঘৰ বোকাখাতৰ দুই নং পৰঙনীয়াত বুলি জানিব পৰা গৈছে ৷ ইফালে আজি সন্ধিয়া সংঘৰ্টিত হোৱা দ্বিতীয়টো পথ দুৰ্ঘটনাত তিনিজন যুৱক গুৰুত্বৰ ভাৱে আহত হয় ৷ বোকাখাতৰ নাহৰজানত আজি সন্ধিয়া হোৱা এই পথ দূৰ্ঘটনা এখন বেলেন' গাড়ী আৰু এখন পিক আপ ভানৰ মাজত হোৱা সংঘৰ্ষত বলেন' গাড়ীত অহা তিনিজন যুৱক আহত হয় । আহত যুৱক কেইজন হ'ল  ৰজাবাৰীৰ সত্যজিত শইকীয়া আৰু গৌৰৱ বৰা ৷ তৃতীয়জন লখৌজানৰ মানস জ্যোতি গগৈ ৷ বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি তিনিওকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷