কৰ’নাৰ ক’লীয়া ডাৱৰে দেশক ভৱিষ্যতেও আৱৰি থাকিব--ভাৰতীয় ৰিজার্ভ বেংক
                            কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ সমগ্র দেশতে বলৱৎ কৰা লকডাউনৰ মাজতে আজি ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) এই বুলি সকীয়াই দিয়ে যে কৰ’নাৰ ক’লীয়া ডাৱৰে দেশক ভৱিষ্যতেও আৱৰি থাকিব৷ ইয়াৰ লগতে লকডাউনৰ প্রভাৱ প্রত্যক্ষভাৱে দেশৰ অর্থনীতিত পৰিব৷
উল্লেখযোগ্য যে কভিড-১৯ৰ ফলত বিশ্ব পর্যায়ত উৎপাদন, যোগান, ব্যৱসায় আৰু পর্যটনত বিপৰীত প্রভাৱ পেলাব৷ আৰ বি আয়ে প্রকাশ কৰা মুদ্রা নীতিত এই কথা কোৱা হৈছে৷ উল্লেখযোগ্য যে দেশত বলৱৎ থকা ২১ দিনীয়া লকডাউনৰ আজি ষষ্ঠদশ দিনা আৰ বি আয়ে এনেদৰে কয়৷ দেশৰ অর্থনীতিত মন্থৰতাৰ সৃষ্টি হোৱাৰ সময়তে কভিড-১৯ৰ বাবে সকলো ধৰণৰ অর্থনৈতিক তথা বিত্তীয় কাম-কাজ স্তব্ধ হৈ পৰিছে৷
আৰ বি আয়ে মুদ্রানীতিত উল্লেখ কৰা অনুসৰি কভিড-১৯ মহামাৰীয়ে দেশৰ অর্থনীতিৰ উন্নয়নক সঠিক পথলৈ অহাতো বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগতে কোৱা হৈছে যে ভাৰতৰ লগতে বিশ্বত বলৱৎ থকা লকডাউনে নিশ্চিত ৰূপত ভাৰতৰ অর্থনৈতিক উন্নয়নত প্রভাৱ পেলাব বুলি লগতে কোৱা হৈছে৷ কৰ’না ভাইৰাছৰ সংক্রমণে মুদ্রাস্ফীতিতো প্রভাৱ পেলাব বুলি উল্লেখ কৰি আৰ বি আয়ে কয় যে যোগান সৃষ্টি হোৱা বাধাৰ বাবে খাদ্য সামগ্রীৰ দাম হ্রাস পালেও আন সামগ্রীৰ দাম বৃদ্ধি পোৱাৰহে সম্ভাৱনা আছে৷
ইফালে আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিৰ (আই এম এফ) মতেও কৰ’না ভাইৰাছৰ সংক্রমণৰ ফলত বিশ্বৰ অর্থনীতি গভীৰ সংকটৰ দিশে গতি কৰিছে৷ আনহাতে, ৰাষ্ট্রসংঘই এখন প্রতিবেদনত ভাৰতৰ উন্নয়নৰ হাৰ চলিত বিত্তীয় বর্ষত ৪.৮ হ’ব বুলি অনুমান কৰিছে৷ মুদ্রাৰ বজাৰত আজি আমেৰিকাৰ ডলাৰ মূল্যই সর্বকালৰ অভিলেখৰ সৃষ্টি কৰে৷ আজি এটা সময়ত প্রতি ডলাৰৰ মূল্য আছিল ৭৬.৪২ টকা৷ উল্লেখযোগ্য যে ই হ’ল এক ডলাৰৰ সর্বাধিক মূল্য৷
অৱশ্যে মুদ্রাৰ বজাৰত লেনদেন সামৰাৰ পৰত প্রতি ডলাৰৰ মূল্য হয়গৈ ৭৬.২৮ টকা৷ আন এটা বাতৰি মতে, কেন্দ্রীয় চৰকাৰে কৰ’না ভাইৰাছৰ সংক্রমণ আৰু লকডাউনৰ ফলত স্তব্ধ হৈ পৰা উদ্যোগ আৰু ব্যৱসায় খণ্ডলৈ সহায্য আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ সংবাদ মাধ্যমত চৰকাৰী সূত্রৰ উদ্ধৃতিত প্রকাশ কৰা অনুসৰি কেন্দ্রীয় চৰকাৰে মজলীয়া আৰু ক্ষুদ্র উদ্যোগসমূহক সকাহ দি প্রায় ১ লাখ কোটি টকাৰ সাহায্য আঁচনিৰ কথা অচিৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে৷
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
