গোলাঘাট স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত
                        
ৰক্তদান মহান দান, এই বাক্য সৰোগত কৰি গোলাঘাট কুশল কোঁৱৰ অসমাৰিক চিকিৎসালয় আৰু বিবেকানন্দ কেন্দ্ৰৰ সৌজন্যত ভাগ্যপুৰ স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত,"বন্ধু" সামাজপ্ৰিয় স্বেচ্ছাসেৱী সংস্থা (NGO), ফলঙনি আঞ্চলিক ছাত্ৰ সন্থা আৰু ROOT(Regional Offbeat Operation Team)ৰ সহযোগত আজি ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। যি সময়ত একাংশ যুৱকে বিভিন্ন অসামাজিক কাৰ্য কলাপত লিপ্ত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে তেনে সময়তে ফলঙনিৰ দৰে অঞ্চলৰ যুৱক সকলে ৰক্তদানৰ দৰে মহান কাৰ্যত নিয়োজিত কৰি মহানুভৱতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। সংগঠন তিনিটিৰ আহ্বানক সন্মান জনাই ফলঙনি অঞ্চলৰ ৩৬ জন যুৱকে ৰক্তদান কৰে।
এই ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো ৰক্তদাতাকে তিনিওটা সংগঠনৰ লগতে গোলাঘাট স্বাস্থ্য বিভাগে ধন্যবাদ জ্ঞাপন কৰে
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
