চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ দিনাই ভাৰতত লাখৰ ঘৰ চুলে কৰ’না আক্ৰান্তই
দেশত চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ প্ৰথম দিনটোতে কৰ’না সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰি সৃষ্টি কৰিলে আন এক অভিলেখ । দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ১০১,২৬১ জন, মৃত্যু হৈছে ৩,১৬৪, আৰু সুস্থ হৈ উঠিছে ৩৯,২৩৩ জন ৷ ২৪ ঘন্টাৰ বিৰতিতে ৫,২৪২ জন আক্ৰান্ত হয় ৷ বিগত ২৪ ঘন্টাত ১৫৮ জন লোকৰ মৃত্যু হৈছে ৷ এই পৰ্যন্ত মহাৰাষ্ট্ৰত সৰ্বাধিক ৩৫ হেজাৰৰো অধিক লোক সংক্ৰমিত হৈছে, মৃত্যু হৈছে ১২৪৯ জনৰ ৷ তামিলনাডু আৰু গুজৰাটত ১১ হেজাৰৰো অধিক, দিল্লীত ১০ হেজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে ।
দেশত প্ৰথমটো সংক্ৰমণৰ ঘটনা ধৰা পৰা ৰাজ্য কেৰালাত পৰিস্থিতি যথেষ্ট নিয়ন্ত্ৰণাধীন হৈ আছে ৷ কেৰালাত এই পৰ্যন্ত ৬৩১ জন লোক আক্ৰান্ত হৈছে আৰু চাৰিজনৰ মৃত্যু হৈছে ৷ কৰ্ণাটক, বিহাৰ, জম্মু-কাশ্মীৰ, পশ্চিম বংগ আদি ৰাজ্যত বিগত ২৪ ঘন্টাৰ ভিতৰত প্ৰতিখন ৰাজ্যত সহস্ৰাধিক আক্ৰান্ত হৈছে । ইপিনে ছত্তিছগড়, লাডাখ, আন্দামান নিকোবৰ, গোৱা, পণ্ডিচেৰী, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, দাদৰা আৰু নগৰ হাভেলী, ডমন আৰু ডিউ আদিত এজনো লোকৰ প্ৰাণনাশ হোৱা নাই।