চেলেং চাহ বাগিছাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও শ্ৰমিকৰ,পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ আশংকা
                        যোৰহাট জিলাৰ চেলেং চাহ বাগিছাৰ শ্ৰমিকক বাগিচা কৰ্তৃপক্ষই লকডাউনৰ সময়ছোৱাত মজুৰি প্ৰদান নকৰাত শ্ৰমিকসকলে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। আনহাতে শনিবাৰে দুপৰ নিশালৈ দৰমহাৰ পৰা বঞ্চিত শ্ৰমিকসকলে দৰমহা প্ৰদানৰ দাবীত চেলেং চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।
বাগিচাখনে শুকুৰবাৰে কিছু সংখ্যক শ্ৰমিকক এহেজাৰ টকাকৈ দৰমহা প্ৰদান কৰে যদিও অধিক সংখ্যক শ্ৰমিককে প্ৰাপ্য দৰমহা প্ৰদান নকৰে বাগিচা কৰ্তৃপক্ষই।ইয়াৰ পাছতে বঞ্চিত শ্ৰমিকসকলে শনিবাৰে বিয়লি বাগিচাৰ কলঘৰত অৱস্থান গ্ৰহণ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে প্ৰাপ্য মজুৰি মুকলি কৰি দিয়াৰ দাবীত মাজ নিশালৈকে বাগিচা পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰি ৰাখে। কিন্ত বাগিচা পৰিচালক গৰাকীয়ে শ্ৰমিক সকলৰ দাবীলৈ অকণো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে।
বৰ্তমানেও শ্ৰমিক সকলক বাগিচা পৰিচালকে প্ৰাপ্য দৰমহা কেতিয়া মুকলি কৰি দিব তাৰ নিশ্চয়তা প্ৰদান নকৰাত যিকোনো মুহূৰ্ততে বাগিচাখনত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ আশংকাই দেখা দিছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
