ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ গৃহহীন, দৰিদ্ৰৰ মাজত অন্ন বিতৰণ
                        মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত লকডাউনৰ সময়ছোৱাত আবদ্ধ হৈ পৰা দৰিদ্ৰ, গৃহহীন, নিছলা লোকসকলৰ বাবে ডিব্ৰুগড়ৰ খনিকৰত অস্থায়ী ভাবে নিৰ্মাণ কৰা শিবিৰ পৰিদৰ্শন কৰে । লগতে তেখেতে নিজ হাতে লোকসকলৰ মাজত দুপৰীয়াৰ আহাৰ বিতৰণ কৰে ।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
