দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰোতে তুলিব নোৱাৰিব ফটো
লকডাউনৰ সময়ত কোনো দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰোতে তুলিব নোৱাৰিব ফটো।চেল্ফিৰ লগতে আন ফটোও কোনো লোকে তুলিব নোৱাৰিব।সামাজিক দুৰত্ব মানি চলাৰ বাবে এই নিৰ্দেশ দিয়া হৈছে।অৱশ্যে অসমত নহয়, ফটো তোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজস্থানৰ আজমিৰত।লগতে কোৱা হৈছে সামাজিক দুৰত্ব বৰ্তাই নাৰাখিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব।অৱশ্যে অসমত প্ৰশাসনে নিৰ্দেশ নিদিলেও বহু ব্যক্তি আৰু সংস্থাই সাহায্য প্ৰদান কৰোতে ফটো তোলাৰ দৰে কাৰ্যৰ পৰা নিজেই বিৰত আছে।







