যোৰহাট গোসাঁই ঠেকেলা গাঁৱত বনৰজা পিঞ্জিৰাৱদ্ধ
                        দীৰ্ঘদিন ধৰি যোৰহাট মহানগৰৰ উপকণ্ঠ কেন্দুগুৰি অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘটো অৱশেষত আজি পিঞ্জিৰাৱদ্ধ হল। যোৰহাট বন বিভাগে স্থাপন কৰা পিঞ্জিৰাত আৱদ্ধ হোৱা বাঘটো চাবলৈ পুৱাৰেপৰা ৰাইজৰ ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে। কৰোণা ভাইৰাছৰ বাবে জনসাধাৰণ গৃহতে আৱদ্ধ হৈ পৰাত প্ৰকৃতিজগতখনত মুক্ত হৈ পৰা জীৱ-জন্তুবোৰে এতিয়া মুকলি বিচৰণ কৰিবলৈ আৰম্ভ কৰিছে। যোৰহাট গোসাইটেকেলা গাঁৱত আৱ্দ্ধ বাঘটো এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘ।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
