সামজিক দূৰত্বৰ নিয়ম প্ৰহসনত পৰিণত কৰিছে চৰকাৰী অনুদানে
কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম প্ৰহসনলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে ৷
ৰাজ্য চৰকাৰে বিনামূলীয়া চাউল তথা বেংকৰ যোগেৰে সাহায্যৰ ধন বিতৰণ কৰাৰ পাছৰে পৰা জাকে জাকে লোক ঘৰৰ পৰা ওলাই অহা দেখা গৈছে , যি আৰক্ষীৰ বাবে এক মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে৷ চৰকাৰে ধন-জন একাউণ্টত পাঁচশ টকাকৈ সুমুৱাই দিয়াৰ কথা ঘোষণা কৰাৰ পাছতেই কোনো দুষ্ট চক্ৰই এই ধনৰাশি বেংকৰ পৰা উলিয়াই নানিলে পুনৰ চৰকাৰলৈ ঘূৰি যাব তথা পৰৱৰ্তী মাহত পুনৰাই ধনৰাশি জমা নহ’ব বুলি অপপ্ৰচাৰ চলোৱাৰ পাছৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা দেখিবলৈ পোৱা গৈছে৷
বেংকৰ সন্মুখত আৰক্ষীয়ে সামাজিক দূৰত্বৰ নিয়ম অনুযায়ী শাৰী পতাই দিয়াৰ পিছপাকতে নিয়ম ভংগ কৰি লোক থুপ খাই পৰাত আৰক্ষীও বিমোৰত পৰা দেখা গৈছে ৷ লকডাউনৰ আৰম্ভণিৰ সময়ত নিয়ম ভংগকাৰীক আৰক্ষীয়ে লাঠিচাৰ্জ কৰি হ’লেও ঘৰত সুমুৱাবলৈ সক্ষম হৈছিল যদিও চৰকাৰী অনুদান বিতৰণৰ পৰ্ব আৰম্ভ হোৱাৰ পাছৰে পৰা লকডাউন সামাজিক দূৰত্ব আদি কথাবোৰ গুৰুত্বহীন হৈ পৰিছে ৷
তিনিচুকীয়া জিলাৰ তালাপ বজাৰস্থিত তিনিটা বেংকৰ উপৰি গ্ৰাহক সেৱা কেন্দ্ৰবোৰত আজি তেনে এক পৰিৱেশ দেখা গ’ল ৷ পুৱাৰে পৰা বেংকলৈ লানি নিছিগাকৈ গ্ৰাহকৰ আগমনে তালাপ আৰক্ষীক বিমোৰত পেলোৱা দেখা গ’ল ৷ আৰক্ষীৰ লোকে গ্ৰাহকসকলক সামাজিক দূৰত্বৰ নিয়ম মতে শাৰী পতাই দিয়াৰ পিছ মুহুৰ্ততে ইজনৰ পৰা সিজনৰ দূৰত্ব কমি গৈ শেষত থুপ খাই পৰাৰ উপক্ৰম হোৱা দেখা গ’ল ৷
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
