৯ মে লৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিলে স্পেইনে
                            কোৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি স্পেইনে লগডাউনৰ সময়সীমা ৯ মে’লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। স্পেইনে দেশজুৰি কোৰোনা ভাইৰাছৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাত লকডাউনৰ সময়সীমা আৰু ১৫ দিনলৈ বৃদ্ধি কৰিছে।
ফলত দেশখনত ৯ মে’লৈ বলবৎ হৈ থাকিব লকডাউন। উল্লেখ্য যে ১৪ মাৰ্চৰ পৰা বলবৎ হৈছে স্পেইনত লকডাউন। দেশখনত এতিয়ালৈ কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ২০ হাজাৰ অতিক্ৰম কৰিছে। স্পেইনত যোৱা ২৪ ঘণ্টাত ৫৫৬ জন লোকৰ মৃত্যু ঘটিছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
