বাৰিষা নৌহওঁতেই বৰষুণত প্লাবিত পথ : একাধিক অনুৰোধৰ পাচতো নবনালে বোকাখাতৰ লখৌজান বৰটিকা সংযোগী পথৰ :

 

Aiidesh News : 20 March - 2026 :

স্বাধীনতাৰ ৭৭ বছৰৰ পিচতো আজিলৈকে বোকাখাত সমজিলাৰ লখৌজান চাহ বাগিছাৰ পৰা গড়মুৰৰ বৰটিকা সংযোগী পথৰ অৱস্থা শোচনীয় হৈয়ে থাকিল । লখৌজান চাহ বাগিচাৰ প্ৰৱেশদ্বাৰৰ সমীপৰ পৰা পশ্চিমলৈ ভূঞা গাওঁ হৈ বৰটিকা গাওঁৰে গড়মুৰ হাইস্কুলৰ সমীপৰ ৰাষ্ট্ৰীয় পথ সংযোগ হৈ আছে এই পথ । ইফালে বৰটিকাৰ পৰা কানুটিকা হৈ ঢপলীয়া গাওঁলৈকে প্ৰসাৰিত হৈ আছে এই পথটোৰ আন এটা উপ পথ । গড়মুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষত ৰাষ্ট্ৰীয় পথৰ সমীপৰ পৰা বৰটিকালৈকে অহা পথছোৱাত ব্লক সংস্থাপনেৰে নিৰ্মান কৰা হ’ল যদিও বাকী থকা ওপৰোল্লিখিত পথ দুটা আজিও অৱহেলিত হৈয়ে থাকিল । যাৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে বাৰিষাৰ পুৰ্বে এতিয়া পুনৰ প্লাৱিত হৈছে লখৌজান চাহ বাগিছাৰ পৰা গড়মুৰৰ বৰটিকা সংযোগী পথৰ বহু অংশ । বাৰিষাত পুনৰ সমস্য়াত পৰিব লাগিব বুলি  শংকিত হৈ পৰিছে ভূঞা গাওঁ আৰু কানুটিকা গাওঁৰ বাসিন্দা । সদ্যহতে হোৱা বৰষুণতে বুৰ গৈছে এই পথ দুটাৰ বহু অংশ । একাঠু বোকাৰ বাবে ব্যাহত হৈছে যাতায়ত ।

বোকাখাত সমষ্টিৰ লখৌজানৰ ভূঞা গাওঁৰ বাসিন্দাৰ মতে লখৌজান বৰটিকা সংযোগী পথৰ আৰু বৰটিকা কানুটিকাহৈ ঢপলীয়া সংযোগী পথ মেৰামতি কৰি ব্লক সংস্থাপন কৰি দিবৰ বাবে বোকাখাতৰ বিধায়ক অতুল বৰা আৰু তেওঁৰ প্ৰতিনিধিক একাধিক বাৰ অনুৰোধ জনায় বিমুখ হৈছিল গাওঁবাসী । ইফালে এই পথৰ দক্ষিণ দিশে লাগি থকা লখৌজান চাহ বাগিছাৰ কৰ্তৃপক্ষই পথৰ কাষেৰে পানী ওলাই যাব পৰাকৈ নলা নিৰ্মান কৰি দিলেও পথৰ পানী যোৱাত সহায় হয় যদিও বাগিচা কৰ্তৃপক্ষই পুঁজিৰ অভাৱত এই নলা নিৰ্মান কৰিব পৰা নাই বুলি জনায় গাওঁবাসীক । এই সম্পৰ্কত অধিক কথা পাতিবই নোখোজে লখৌজান চাহ বাগিছাৰ পৰিচালকে । অঞ্চলটোতে বাসকৰে এইখন চাহ বাগিচাৰ বহু শ্ৰমিকে । বাৰিষা একাঠু পানীৰেই বিদ্যালয়লৈ যাব লগা হয় এই সকল শ্ৰমিকৰ শিশু সকলে । অঞ্চলটোৰ বাসিন্দাৰ মতে বিগত পাঁচ বছৰীয়া কাৰ্যকালত অঞ্চলটোলৈ অহাতো বাদেই এই পথ আছে বুলিয়েই নাজানে বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই । চিনি নেপায় অঞ্চলটোৰ দুৰ্ভগীয়া জনসাধাৰণক । গাওঁলৈ নিমন্ত্ৰন দিও আনিব নোৱাৰিলে মন্ত্ৰী, বিধায়ক বা আমোলাক । এতিয়া নিৰ্বাচনৰ প্ৰাক্ মুহুৰ্ত্তত ক্ষোভিত হৈছে অঞ্চলবাসী ।

***************