কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমনত আহত বনকৰ্মী দ্বিপেন বৰা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমনত আহত বনকৰ্মী দ্বিপেন বৰা :
Aiidesh Photo

Aiidesh News : 20 March - 2026 :

দেশৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ তুলনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত কৰ্তব্য পালন কৰাতো এজন বনকৰ্মীৰ বাবে যথেষ্ট কঠিন । কিয়নো কাজিৰঙাত কৰ্তব্য ৰূপায়ন কৰোতে বন্যপ্ৰাণীৰ সন্মুখীন হোৱাৰ উপৰিও বন্যপ্ৰাণীৰ আক্ৰমনৰো বলি হ’ব লগা হয় । আজি তেনেক ঘটনাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অগৰাতলি বনাঞ্চলত পুৱা কৰ্তব্যৰত অৱস্থাতে এটা মতা গঁড়ৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত হয় এজন বন কৰ্মী । জানিব পৰা মতে অগৰাতলি বনাঞ্চলৰ আঁৰিকাটি বন শিৱিৰ এলেকাত লগৰ তিনিজন সহকৰ্মীৰ সৈতে কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে এটা মতা গঁড়ে দলটোক আক্ৰমন কৰে । দলটোৰ তিনিজন বনকৰ্মী কোনোমতে ৰক্ষা পৰে যদিও গঁড়ে দ্বিপেন বৰা নামৰ বনকৰ্মীজনক আক্ৰমন কৰে । গঁড়ৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হয় বনকৰ্মী দ্বিপেন বৰা । আহত বনকৰ্মীজনক ততাতৈয়াকৈ বোকাখাতৰ অসামৰিক চিকিৎসায়লৈ অনা হয় । চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা পিচত উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়লে প্ৰেৰণ কৰা হয় । আহত দ্বিপেন বৰাৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত আৰু তেওঁ এজন গৃহৰক্ষীৰ জোৱান হিচাবে কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ আঁৰিকাটি বনশিৱিৰত কৰ্মৰত  আছিল বুলি জানিব পৰা গৈছে ।

**********