উজনি অসমত হাতী মানুহৰ সংঘাত আৰু বন্য়প্ৰাণীৰ সৈতে মানুহৰ সহাৱস্থানৰ সম্পৰ্কত স্থানীয় সাংবাদিকৰ সৈতে আৰণ্যকৰ অনুষ্ঠান : সজাগতা সৃষ্টিৰ প্ৰচেষ্টা :

উজনি অসমত হাতী মানুহৰ সংঘাত আৰু বন্য়প্ৰাণীৰ সৈতে মানুহৰ  সহাৱস্থানৰ সম্পৰ্কত স্থানীয় সাংবাদিকৰ সৈতে আৰণ্যকৰ অনুষ্ঠান : সজাগতা সৃষ্টিৰ প্ৰচেষ্টা  :
উজনি অসমত হাতী মানুহৰ সংঘাত আৰু বন্য়প্ৰাণীৰ সৈতে মানুহৰ  সহাৱস্থানৰ সম্পৰ্কত স্থানীয় সাংবাদিকৰ সৈতে আৰণ্যকৰ অনুষ্ঠান : সজাগতা সৃষ্টিৰ প্ৰচেষ্টা  :

উজনি অসমত হাতী মানুহৰ সংঘাত আৰু বন্য়প্ৰাণীৰ সৈতে মানুহৰ  সহাৱস্থানৰ সম্পৰ্কত স্থানীয় সাংবাদিকৰ সৈতে আৰণ্যকৰ অনুষ্ঠান : সজাগতা সৃষ্টিৰ প্ৰচেষ্টা  : 

Aiidesh News : 1 July 2023 :

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানক উদগনি যোগোৱা আৰু হাতী মানুহৰ সংঘাত প্ৰশমনৰ ক্ষেত্ৰত সংবাদ মাধ্যমে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কত স্থানীয় বিশিষ্ট সাংবাদিকসকলৰ সৈতে আলোচনা কৰাৰ বাবে অগ্ৰণী গৱেষণা-নিৰ্ভৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অলপতে উজনি অসমৰ ঢকুৱাখনা আৰু ডুমডুমাত এলানি মত-বিনিময় কাৰ্যসূচীৰ আয়োজন কৰে । ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগত আৰু ডাৰউইন ইনিচিয়েটিভ নামৰ সংগঠনৰ সহায়ত আৰণ্যকে আয়োজন কৰা এই কৰ্মশালাই মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰি হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্যকে এই পদক্ষেপৰ গ্ৰহন কৰি সংবাদ মাধ্যমক সজাগ কৰি জনসাধাৰণৰ মাজত সহযোগিতা সৃষ্টি কৰিব বুলি আশা কৰিছে ।

ঢকুৱাখনাত আয়োজিত আৰু অসমত হাতী মানুহৰ সংঘাতৰ এয়াৰ পটভূমিত তথা নদী দ্বীপ মাজুলী আৰু ইয়াৰ চৌকাষৰ পৰিস্থিতি সন্দৰ্ভত আয়োজিত এই মত-বিনিময় অনুষ্ঠানত মাজুলী, ঢকুৱাখনা, মাছখোৱা, ঘিলামৰা আৰু গোগামুখৰ বিশিষ্ট সংবাদকৰ্মী সকলে অংশগ্ৰহন কৰে । 

ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলেশ্বৰ কলিতাৰ অধ্যক্ষতাত ডুমডুমা মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাখনত ডুমডুমা, কাকপথাৰ, শদিয়া আৰু ছৈখোৱাৰ সংবাদিক সকলে অতি সক্ৰিয়ভাৱে আলোচনাত অংশগ্ৰহণ কৰে । মহাবিদ্যালয়খনৰ অধ্যাপক মনোজ দত্তই কৰ্মশালাখন পৰিচালনা কৰে । হাতী মানুহৰ সংঘাত সম্প্ৰতি পূৱ অসমৰ বিভিন্ন অঞ্চলৰ বাবে এতিয়া এক ক্ৰমবৰ্ধমান সমস্যা হিচাবে পৰিণত হৈছে । ফলস্বৰূপে শস্যৰ ক্ষতি আৰু মানুহ বা হাতীৰ মৃত্য়ুও বৃদ্ধি পাইছে । দ্ৰুত নগৰাঞ্চলৰ প্ৰসাৰ, হাতীৰ বাসস্থান দখল, সংঘাত নিৰাময়ৰ ব্য়ৱস্থাৰ অভাৱ এই সমস্য়াক আৰু অধিক জটিল কৰি তুলিছে । হাতী আৰু মানুহৰ সহাৱস্থান সম্ভৱ কৰিবলৈ হ’লে এই জটিল বিষয়টো বহনক্ষম আৰু বহু অংশীদাৰৰ প্ৰচেষ্টাৰ জৰিয়তে সমাধান কৰিব লাগিব । সেয়েহে আৰণ্যকে সহাৱস্থান নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰশমন ব্যৱস্থাৰ প্ৰতি স্থানীয় স্থানীয় লোকক সজাগ কৰিবলৈ আৰণ্যকে  সাংবাদিক সকলৰ সহায় বিচাৰিছে বুলি জনায় ।

একেদৰে ঢকুৱাখনা নৰ্মেল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰে উদ্বোধন কৰা ঢকুৱাখনাৰ মত-বিনিময় কাৰ্যসূচীত পৰিৱেশ শিক্ষাবিদ তথা আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত কুমাৰ পাঠকে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু হাতী মানুহৰ সহাৱস্থান সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে । অনুষ্ঠানত “গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমে  হাতী মানুহৰ সংঘাত আৰু সহাৱস্থান সম্পৰ্কে গণ সজাগতা সৃষ্টিত অপৰিহাৰ্য ভূমিকা পালন কৰিবব পাৰে” বুলি জয়ন্ত পাঠকে মন্তব্য় কৰে ।

আৰণ্যকৰ আন এগৰাকী গৱেষক ৰুবুল তাঁতীয়ে অসমৰ মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৰাজ্যত হাতী মানুহৰ সংঘাতৰ কেতবোৰ স্থানত বন বিভাগ আৰু স্থানীয় লোকৰ সমন্বয়ত আৰণ্যকে গ্ৰহণ কৰা বিভিন্ন প্ৰতিৰোধ ব্যৱস্থাৰ বিষয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত সাংবাদিক আৰু সমল ব্যক্তিৰ উপৰিও স্থানীয় গাঁও চেম্পিয়ন , মাজুলীৰ স্থানীয় জনগোষ্ঠীৰ সদস্য আৰু নৰ্মেল স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও অংশ গ্ৰহন কৰে । 

পৰৱৰ্তী সময়ত ডুমডুমা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মত-বিনিময় কাৰ্যসূচী মুকলি কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ কে কলিতাই কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা আৰু মানৱ-হাতী সংঘাতৰ আঁৰৰ মূল কাৰণসমূহৰ ওপৰত আলোকপাত কৰে । এই অনুষ্ঠানত আৰণ্যকৰ গৱেষক ৰুবুল তাঁতীয়ে অসম তথা অঞ্চলটোৰ হাতী মানুহৰ সংঘাতৰ পৰিস্থিতিৰ লগতে স্থানীয় লোকৰ দ্বাৰা পৰিচালিত সৌৰ বেৰ স্থাপন, নেমু টেঙাৰে কৰিব পৰা বেৰা, বিকল্প শস্যৰ প্ৰচাৰ ইত্যাদি বিভিন্ন প্ৰশমন ব্যৱস্থাৰ বিষয়ে বিশদ ভাৱে উপস্থাপন কৰে ।

আৰণ্যকৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত কুমাৰ পাঠকে ‘জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু হাতী মানুহৰ সহাৱস্থান আৰু সংবাদ মাধ্যম’ শীৰ্ষক এক সচিত্ৰ উপস্থাপন কৰাৰ লগতে  আৰণ্যকৰ আজীৱন সদস্য বিজয় শংকৰ বৰাই স্থানীয় সংবাদ মাধ্যমে ডিজিটেল পৰিৱেশ তন্ত্ৰৰ সুবিধা লৈ গোলকীয় দৃষ্টিভংগীৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়বোৰ কেনেকৈ দাঙি ধৰিব লাগে সেই সম্পৰ্কে কেতবোৰ মূল দিশৰ ওপৰত আলোকপাত কৰে । কৰ্মশালাৰ আৰম্ভণিতে আৰণ্যকৰ বিষয়া জাকিৰ ইছলাম বৰাই ১৯৮৯ চনত আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে আৰণ্যকৰ যাত্ৰা সম্পৰ্কে উপস্থাপন কৰে । অনুষ্ঠানত আৰণ্যকৰ কৰ্মচাৰী ৰিম্পি মৰাণৰ কৃতজ্ঞাৰে সামৰণি পৰা ডুমডুমাৰ কৰ্মশালাত জ্যেষ্ঠ সাংবাদিক সকলে অঞ্চলটোৰ হাতী মাুহৰ সংঘাতৰ পৰিস্থিতিৰ সম্পৰ্কে মূল্যৱান মতামত আগবঢ়ায় । আৰণ্যক দলৰ আন সদস্য ক্ৰমে বিদিশা বৰা, ৰিম্পী মৰাণ, প্ৰাণজিৎ বৰা, জোনাক বৰুৱা আৰু শিক্ষানৱিচ বৈদিক গুপ্তাই এই মত-বিনিময় কাৰ্যসূচীত সহয়োগিতা আগঢ়ায় ।

*****************