আগন্তুক ৪ দিন প্ৰৱল ধুমুহা বৃষ্টিপাতৰ সম্ভাৱনা, হাই এলাৰ্ট জাৰি
                        কোৰোণা ভাইৰাছৰ সন্ত্ৰাস চলি থকাৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া বতৰেও ধাৰণ কৰিছে তীব্ৰ ৰূপ। বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হয় প্ৰৱল ধুমুহা আৰু বৃষ্টিপাত। সেইসময়তে বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ ৯ খন ৰাজ্যলৈ জাৰি কৰিছে হাই এলাৰ্ট। আগন্তুক চাৰিদিন পৰ্যন্ত ৯ খন ৰাজ্যত আছে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।যোৱা ২৫ বছৰৰ পিছত সবাটোতকৈ অধিক বৰষুণ হোৱা ২০১৯ৰ পিছত এইবছৰো তীব্ৰ বৰষুণ হোৱাৰ আছে প্ৰৱল সম্ভাৱনা । বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যতবাণী অনুসৰি দেশত জুনৰ পৰা ছেপ্তেম্বৰ লৈকে হ’ব কম বেছি পৰিমাণে বৰষুণ।বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰিদিন অৰ্থাত্ ১৬ তাৰিখৰ পৰা ১৯ এপ্ৰিললৈকে পূৱ আৰু উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ বৰষুণ হ’ব বুলি জনাইছে। শুকুৰবাৰৰ দিনটোত অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, অসম, পশ্চিমবংগ, চিকিম আৰু বিহাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে।অসমত প্ৰতিঘণ্টাত ৫০ ৰ পৰা ৬০ কিলো মিটাৰ গতিবেগত বতাহৰ লগতে তীব্ৰ বৃষ্টিপাত হোৱাৰ অনুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
