গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰকঃ দাবী এবিএমছুৰ
গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে চিহ্নিত কৰাৰ দাবী উত্থাপন কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে । বিহস্পতিবাৰে এবিএমছুৰ এটা সজাতি দলৰ সৈতে বাক্সাৰ শালবাৰীৰ ভিন্ন প্ৰান্তৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামে গৰাখহনীয়া সমস্যাক লৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । লগতে সংগঠনটোৰ প্ৰতিনিধিয়ে কয় যে গড়া খহনীয়া অঞ্চলক লৈ নেতা , মন্ত্ৰীসকলে কেৱল ৰাজনীতি কৰিছে বুলি অভিযোগ তুলি কোনো এজন নেতা মন্ত্ৰীয়ে গৰাখহনীয়াৰ স্থায়ী সমাধান বিচৰা নাই । চৰকাৰক শীঘ্ৰে বেঁকী নৈৰ খহনীয়াৰ বিজ্ঞানসন্মত সমাধানৰ দাবী জনাইছে সংগঠনটোৱে।