তিতাবৰত প্ৰথমজন কৰ'ণাত আক্রান্ত ৰোগীৰ মৃত্যু
তিতাবৰ বৰএৰা ভোগপুৰ সত্ৰৰ সমীপৰ তালেবউদ্দিন আহমেদ(৭৬) নামৰ লোকজনৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড হস্পিতালত মঙ্গলবাৰে পুৱতি নিশা মৃত্যু হয় । হৃদৰোগ জনীত কাৰণত কিছুদিন পূৰ্বে গুৱাহাটীলৈ চিকিৎসাৰ বাবে গৈছিল ব্যক্তিজন আৰু গুৱাহাটীৰ পৰা অহাৰ পিছতে ব্যক্তিজন অসুস্থ হৈ পৰিছিল । তেতিয়াৰ পৰা স্বাস্থ্য বিভাগে তেওঁক হ'ম কোৱাৰেণ্টন কৰি ৰাখিছিল । দেওবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল ব্যক্তিজনক । আৰু সোমবাৰে কভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল । যিহেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ব্যক্তিজনৰ স্বাৱ পৰীক্ষাৰ ফলাফলত কোভিড ১৯ পজিটিভ আহিছিল আৰু আজি পুৱতি নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে তালেবউদ্দিন আহমেদ নামৰ লোকজনৰ । ইতিমধ্যে তিতাবৰৰ ডাংধৰা কুঁহিয়াৰবাৰীৰ কৱৰস্থানত স্বাস্থ্য বিভাগৰ আৰু আৰক্ষীৰ উপস্থিতত জানাজা সম্পন্ন কৰা হয় ।