চীনৰ ‘ৱেট মাৰ্কেট’ত আকৌ আৰম্ভ বাদুলী, কুকুৰ বিক্ৰী
                        ‘ৱেট মাৰ্কেট’–ক’ৰোণা ভাইৰাছৰ প্ৰাৰম্ভিক উৎস এইখন বজৰা। বজাৰখনত বিক্ৰী কৰা হয় বাদুলী, কুকুৰ, মেকুৰীৰ মাংস। বাদুলীক ক’ৰোণা ভাইৰাছৰ অন্যতম বাহক বুলিও দাবী কৰিছে বহু গৱেষকে। চীনত ক’ৰোণা ভাইৰাছে ভয়াৱহ ৰূপ লোৱাৰ সময়ত বন্ধ কৰি দিয়া হৈছিল বজাৰখন।
চীনৰ পৰা এতিয়া সমগ্ৰ বিশ্বলৈ বিয়পি পৰিলে ক’ৰোণা ভাইৰাছ। ইটালী, আমেৰিকা, স্পেইনৰ পিছত ভাৰতবৰ্ষটো এতিয়া ক’ৰোণাৰ সংহাৰ। ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ লোক। কিন্তু বৰ্তমান চীনৰ পৰিস্থিতি বিপৰীত। চীনে এতিয়া নিজকে প্ৰায় ক’ৰোণা মুক্ত বুলিয়েই দাবী কৰিছে। নিজৰ অৱস্থা সুস্থিৰ হোৱাত আনলৈ কেৰেপ নকৰি চীনৰ ‘ৱেট মাৰ্কেট’ত আকৌ আৰম্ভ কৰা হৈছে বাদুলী, কুকুৰ আৰু মেকুৰীৰ বিক্ৰী।
এখন বাতৰি কাকতত প্ৰকাশিত খবৰ অনুসৰি, বজাৰ খনত এতিয়া আকৌ প্ৰতিদিনে ভিৰ কৰিছেহি বৃহৎ সংখ্যক লোকে। দেশখনৰ এবনে কৰ্ম–কাণ্ডৰ ফলত ক’ৰোণা ভাইৰাছে আকৌ এবাৰ চীনত ভয়ংকৰ ৰূপ ল’ব বুলি আশংকা প্ৰকাশ কৰিছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
