লক ডাউনৰ বাবে বিপদতবৰপেটাৰ অসমীয়া গহনা শিল্পী

লক ডাউনৰ বাবে  বিপদতবৰপেটাৰ অসমীয়া গহনা শিল্পী

  ৰঙালী বিহুত নাচনীৰ দেহত শোভা কৰা জােনবিৰি, গামখাৰু, কেৰু, গলপতা,  ঢোল মাদুলি, জাপিসোণ, ঠোকাসোণ আদি বিবিধ অসমীয়া গহনা প্ৰস্তুত কৰে সত্ৰনগৰী বৰপেটাৰ কাৰুশিল্পীসকলে ৷ বৰপেটাৰ কাৰুশিল্পীসকলে প্ৰস্তুত কৰা অসমীয়া গহনা-গাঁথৰি পিন্ধিয়েই বিহুতলীত বিহু মাৰে গাভৰুসকলে ৷ বিহু নৃত্যৰ বাবে প্ৰয়োজনীয় অসমীয়া গহনা বৰপেটাৰ পৰাই ৰাজ্যখনৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয় ৷ আনহাতে বিহুৰ লগতে বিয়া–সবাহ আদিতো গাভৰু, যুৱতী, মহিলাসকলৰ দেহত শোভা কৰে অসমীয়া গহনাই ৷ বৰপেটাৰ কাৰুশিল্পীসকলৰ মনত পিছে এইবেলি নাই বিহুৰ উছাহ ৷ অসমীয়া গহনা শিল্পৰ গঢ়শালত এতিয়া নিমাওমাও পৰিবেশ ৷ কোৰোণাৰ বাবে বন্ধ গহনা প্ৰস্তুতৰ গঢ়শালসমুহ ৷ সত্ৰনগৰী বৰপেটাত আছে প্ৰায় কুৰিখনতকৈয়ো অধিক গহনা প্ৰস্তুত কৰা গঢ়শাল ৷ এই সময়ছোৱাত নিজৰ ঘৰতেই পূৰ্বাপৰ চলি অহা গঢ়শালত বহি অসমীয়া নাচনী, গাভৰু, বিয়া-সৱাহৰ বাবে প্ৰয়োজনীয় অসমীয়া গহনা প্ৰস্তুতৰ কামত ব্যস্ত হৈ থাকে বৰপেটাৰ থলুৱা কাৰুশিল্পীসকল ৷ পিছে কোৰোণাৰ বাবে এইবাৰ বৰপেটাৰ থলুৱা কাৰুশিল্পীসকল সন্মুখীন হৈছে ভীষণ ক্ষতিৰ ৷ বৰপেটাৰ পৰাই উজনি নামনিৰ বিভিন্ন জিলালৈ সৰবৰাহ হয় বিহু নাচনীৰ বাবে প্ৰয়োজনীয় অসমীয়া গহনা ৷ পিছে এইবাৰ বিহুৰ আগৰপৰাই লকডাউন চলি থকাৰ ফলত ৰাজ্যখনৰ কোনো জিলালৈকে গহনা সৰবৰাহ কৰিব নোৱাৰিলে শিল্পীসকলে ৷ ইপিনে লকডাউনৰ বাবে ব'হাগ মাহত অনুষ্ঠিত হবলগীয়া বিয়া–সৱাহ বন্ধ হৈ পৰাৰ আশংকাৰ বাবেও থলুৱা অসমীয়া গহনাৰ সৈতে জৰিত শিল্পীসকল ক্ষতিৰ সন্মুখীন হৈছে ৷ ফলত অসমীয়া গহনা শিল্পৰ সৈতে বিভিন্নধৰনে জৰিত বৰপেটাৰ প্ৰায় তিনি শতাধিক পৰিয়াল আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হৈছে ৷ অৱশ্যে শিল্পীসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হলেও দেশৰ, দহৰ মংগলৰ বাবে জাৰি কৰা লকডাউন মানি চলিবলৈ ৰাইজক জনালে আহ্বান। দেশৰ ৰাইজ সুস্থ হৈ থাকিলে অহা বিহুৰ বাবে গহনা প্ৰস্তুতৰ কামত মনোনিবেশ কৰিব বুলিও মনত আশা পুহি ৰাখিছে বৰপেটাৰ থলুৱা কাৰু শিল্পীসকলে ৷