আৰোগ্য নিধিলৈ পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতিৰ ৫০ হাজাৰ টকা
অসম আৰোগ্য নিধিলৈ নলবাৰী জিলাৰ চামতাৰ পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতিয়ে আজি ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰিছে।মছজিদ সমিতিৰ সভাপতি ইয়াকুব আলী আৰু সম্পাদক ইনামূল মজিদে আজি এই চেক প্ৰদান কৰে নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ হাতত।







