যোৰহাটত আৰম্ভ হ'ব আনল’ক

 

বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব UNLOCK I এই বক্তব্য যোৰহাটৰ  জিলা উপায়ুক্ত Rashni Aporanji Korati ৰ । তেওঁ কয় যে গুৱাহাটীৰ দৰে যোৰহাটতো বজাৰৰ এফালে থকা দোকান সমূহ প্ৰথম দিনা আৰু বিপৰীত দিশৰ দোকান  সমূহ পিছ দিনা খুলিব পাৰিব I যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাটৰ উপকণ্ঠৰ  'ন 'বৰাচুক  মডেল হস্পিতাল , চুঙী কহাঁৰ গাওঁ হস্পিতাল , ভগামুখ হস্পিতাল  আৰু নকছাৰি হস্পিতালতো ৰোগী ভৰ্তি হৈ ইতিমধ্যে আসন সম্পূৰ্ণ হৈছে । আনহাতে এন, আই, ডি, আৰু তিতাবৰৰ চিভিল হস্পিতাল  ৰূপান্তৰিত কৰা হৈছে কভিড হস্পাতাললৈ। লগতে যোৰহাটৰ জে, ডি, এচ, এ ,খেল পথাৰত অস্থায়ী কভিড হস্পিতালৰ  কাম আৰম্ভ কৰা হৈছে আৰু ১০ দিনৰ ভিতৰত হস্পিতালখনৰ  নিৰ্মাণ হৈ উঠাৰ সম্ভাবনা আছে I