নামৰূপ ৰেল ষ্টেচনত জব্দ লালিগুড়

ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক অজয় বায়নৰ নেতৃত্বত অহা বিভাগীয় এটি দলে মঙলবাৰে সন্ধিয়া জব্দ কৰে বৃহৎ সংখ্যক  লালী গুড়ৰৰ টোপোলা ৷ বিশেষ মালবাহী ৰেলৰ জৰিয়তে সৰবৰাহ কৰা তিনিশ বস্তা লালীগুড় নামৰূপ ষ্টেচনত নমোৱাৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় আবকাৰীৰ দলটোৱে ৷ জব্দকৃত লালীগুড় আঠ টনৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে অধীক্ষক অজয় বায়নে ৷ ৰাজ্যত কৰোনাজনিত পৰিস্থিতিৰ মাজতে এচাম অসাধু ব্যৱসায়ীয়ে চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত লালীগুড় লামডিং - কাৰ্বি আংলং আদিৰ পৰা আমদানি কৰি নামৰূপ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাত যোগান ধৰি আহিছিল ৷ উল্লেখ্য যে অসম কপোঁৱা গোলাঘাট চুলাই কাণ্ডৰ পিচত ৰাজ্যত নিষিদ্ধ আছিল লালীগুড়ৰ বিক্ৰী ৷ কিন্তু প্ৰশ্ন হয় নিশা সান্ধ্য আইন চলি থকাৰ মাজতেই নামৰূপ আৰক্ষী আৰু ৰেলৱে বিভাগৰ নাকৰ তলতেই দুষ্কৃতিকাৰী চক্ৰই কিদৰে চলাই গৈছিল লালীগুড়ৰ এই ৰমৰমীয়া ব্যৱসায় ?