ৰেড জ’ন নলবাৰী জিলাত নোখোলে চৰকাৰী কাৰ্যালয়

ৰেড জ’ন নলবাৰী জিলাত  নোখোলে চৰকাৰী কাৰ্যালয়

কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাজ্য চৰকাৰেও অসমত লকডাউনৰ  ক্ষেত্রত কিছু শিথিল কৰাৰ ব্যৱস্থা লৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় নীতি-নিৰ্দেশনা ইতিমধ্যে ৰাজ্য চৰকাৰে যুগুতাইছে৷ সেই অনুসৰি  ২১ এপ্রিল আজিৰে পৰা জনতা ভৱনকে ধৰি ৰাজ্যৰ চৰকাৰী কার্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰিছে৷ এই গাইড লাইন অনুসৰি জনতা ভৱনকে ধৰি সচিবালয়ৰ বিভাগসমূহত উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি শীর্ষ বিষয়াসকলৰ উপস্থিতি ১০০ শতাংশ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷

কিন্তু বৰ্তমানো ৰেড জ’নত থকা গোৱালপাৰা, নলবাৰী আৰু ধুবুৰীত আজিৰে পৰা নোখোলে চৰকাৰী কাৰ্যালয় । দুয়োখন জিলা ৰেড জ’নত থকাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা ৰূপে অহা কেইটামান দিনলৈ চৰকাৰী কাৰ্যালয় নোখোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।

ইপিনে অৰেঞ্জ জ’নত থকা গোলাঘাট জিলাত কেৱল চৰকাৰী কাৰ্যালয়সমূহে খুলিব ।